
নিশাৰ প্ৰহৰত নিদ্ৰাক্লিষ্ট জনতাৰ
সুযোগ লৈ এচাম নিশাচৰৰ
লজ্জিত কাণ্ড
লগতে বেশ্যাৰ সহযোগিতাৰে
পৰিস্থিতি অধিক সক্ৰিয়
“মোৰ দুটা ল’ৰা আছে… বাপেক মদাহী!”
• ইত্যাদি বাস্তৱৰ আঘাত লৈ
অন্ধকাৰময় ৰাজপথত নিঃসহায় বেশ্যাত
চলে উপৰ্যুপৰি যন্ত্ৰণাঘাত।
কিন্তু উপায়হীন!
চিঞৰিব খুজিও নীৰৱ… মৌনতাৰ আহ্বান
বাগৰি আহে তপ্ত অশ্ৰুৰ ধাৰা
দূৰৈত বনডাউকৰ চিঞৰ
তাৰ লগতত সুৰ মিলাই
হৈ পৰে নিঃস্ব।
সন্তানক মানুহ গঢ়াৰ মানস
ইয়াৰ হেতুকে ত্যাগ দিয়ে
বিলাস যৌৱন শ্ৰাদ্ধ্য
এনে সংসাৰত আৰ্তনাদ নাৰীৰ
এটি শব্দ হৈ পৰে আপোন
“চিঞৰ”।
