Xahitya.com
লিখনিলৈ উভতি যাওক
গল্প

এনেকৈয়ে ভাগেনে সপোন

নৰেন শইকীয়া·১৫ অক্টোবৰ, ২০২৬·১৫ দৰ্শন
এনেকৈয়ে ভাগেনে সপোন

এচেৰেঙা সুর্যোদয়ৰ সোণালী কিৰণ গৱাক্ষয়দি আহি যামিনীৰ চকুত পৰিছে। নৰাৰ চালি খনৰ মুখত পাৰি দহিকতৰা চৰাই হালৰ কৰুণ কাকূলিয়ে যামিনীক জগাই তুলিলে। অস্বস্তিৰে চকুৰ চামনি মচি দীঘল কৈ হুমুনিয়াহ এটা কাঢ়ি ঈশ্বৰৰ নাম লৈ যামিনীয়ে ঢাৰি পাতি এৰিলে। যামিনীয়ে জুহালৰ পৰা এঙাৰ এডোখৰ আনি বাঁহৰ চুঙাটোৰ পৰা নিমখ অলপ মান উলিয়াই লৈ দাঁত কেইটা মাজি মাজি কুৰু কুৰুকৈ ৰুণ দি থকা পাৰ চৰাইৰ সজাঁটোত চকু ফুৰালে। কিন্তু হাটত বিক্রী কৰিবৰ জোখাৰে সজাঁটোত পাৰৰ পোৱালি এটাও নেদেখিলে ।

পুহমহীয়া যিহে হাড় কঁপোৱা ঠাণ্ডা। তথাপিও দাঁতে ওঠে লগা জাৰকো আওকাণ কৰি যামিনীয়ে কুৱাৰ পৰা পানী তুলি গাটো তিয়াই কৃষ্ণৰ ফটোখনত ধুপডাল দি তাইৰ একমাত্র পুত্র প্রীতমক টোপনিৰ পৰা জগাই কাম

বিচাৰি ঘৰৰ পৰা ওলায় গ'ল। বেচেৰী যামিনীয়ে নকৰিলেও নহয়। স্বামীৰ অকাল মৃত্যুৰ পিছত তাইয়ে ঘৰখনৰ একমাত্র উপার্জনকাৰী।

নিয়তিৰ কি যে নিষ্ঠুৰ পৰিহাস। ইমান ধুনীয়াকৈ তেওঁলোকৰ তিনিওটা প্রাণীৰে সৈতে সুখৰ সংসাৰখন চলি

গৈছিল। কিন্তু এষাৰ কথা আছে যে বিধিয়ে দিলেই নহ'ব, বিধাতাইও দিব লাগিব। সৌ সিদিনা খন আন দিনৰ দৰে কাম শেষ কৰি যামিনীৰ স্বামীয়ে ঘৰৰ অভিমুখে ৰাওনা হৈছিল কিন্তু ঘৰ আহি নাপালেহিয়েই আধা বাটতে তীব্র

বেগী ট্রাক এখনে তেওঁক মহতীয়াই পেলালে। হস্পিতাললৈ নিয়া হৈছিল যদিও তেওঁ আধা বাটতে নিয়তিৰ ওচৰত

হাৰ মানিলে। স্বামীৰ মৃত্যুত যামিনী আউলি বাউলী হৈ মাথোঁ একমাত্র পুত্ৰক বুকুৰ মাজত সাৱতি হিয়া ঢাকুৰি

কান্দিলে মাথোঁ কান্দিলে।

পথ দুর্ঘটনাত পতিত স্বামীৰ অকাল বিয়োগৰ পাছত নানা দুখ কষ্টৰ মাজেৰে অৱহেলিত যামিনীয়ে মানুহৰ ঘৰত বন কৰি দুই এপইচা আৰ্জি একমাত্ৰ পুত্ৰ প্রীতমক মানুহ কৰাৰ স্বার্থত বুকৃত এচপৰা গধুৰ শিল বান্ধি ল'লে মৃত্যুৰ আগমুহুতত যামিনীৰ স্বামীয়ে তাইক কৈছিল," আমাৰ সোণটোক মই ডাক্তৰ হিচাপে প্রতিষ্ঠিত কৰিম চাবা।"

স্বামীৰ অন্তিম ইচ্ছাক গভীৰ প্রত্যাহ্বান হিচাপে মানি তাই অকলেই সংগ্রাম কৰি গৈছে।তাই নিজেই নাজানে তাইৰ জীৱনটো কোন দিশে গতি কৰিছে। তাই অকলশৰীয়া বিধৱা তিৰোতা দেখি এচাম পৈশাশিক মুখা পিন্ধা দানৱে তাইক যেন সুবিধা ল'ব খুজিছে। বাৰি তিৰোতা হোৱা হেতুঁকে তাইক ভদ্রতাৰ মুখা পিন্ধা বোৰে ৰাতি আন্ধাৰৰ সুযোগ বুজি টকাৰ প্রলোভন দেখুৱাই নিজৰ অভীষ্ট কামনা পুৰাবলৈ তাইৰ ওচৰলৈ আহে। গিৰিয়েকটো জীয়াই থকা অৱস্থাত কিন্তু তেওঁলোকৰ খা-খবৰ ল'বলৈ কোনো অহা নাছিল।

কোনো ধৰণৰ কপটতাৰ ভাৱ নথকা সহজ-সৰল যামিনীয়ে পৈশাশিক দানৱবোৰৰ কথাত অলপো গুৰুত্ব নিদি মাথো সিহঁতক প্রত্যাখ্যান কৰে।

দণ্ড পল অনুপলকৈ চিৰ প্ৰৱাহিত বোৱঁতী নদী সুঁতিৰ দৰে সময়বোৰ পাৰ হ'ল।

প্রীতম বর্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রার্থী। পঢা-শুনাত সি এজন মেধাৱী ছাত্র হিচাপে পৰিচিত হৈ আহিছে। সি গল্প, প্রবন্ধ, নাটক, কবিতা আদি লেখা-মেলা কৰে। ইতিমধ্যে তাৰ লেখা আলোচনী আৰু বাতৰি

কাকততো প্রকাশ পাইছে।

দিন পাৰ হৈ যোরাৰ লগে লগে প্রীতমৰ পৰীক্ষা ওচৰ চাপি আহিছে। ছাত্ৰানং অধ্যয়নং তপঃ - এই কথাষাৰৰ

মূল মন্ত্ৰ হিচাপে লৈ সি কষ্টৰে পঢ়া-শুনা কৰিবলৈ ধৰিলে। মাকৰ ত্যাগ আৰু কষ্টবোৰ সার্থক কৰি তুলিবলৈ সি প্রতিশ্রুতিবদ্ধ হৈ পৰিল। লগৰবোৰ টিউচন কৰিবলৈ যাওঁতে সি মনে মনে ভাবে তাৰো এটা টিউচন থকাহেঁতেন।

কেতিয়াবা সি নুবুজা অংকবোৰ শিক্ষকক সুধি লয়, শিক্ষকেও তাৰ অনুসন্ধিৎসু মনৰ উমান পাই অংকবোৰ

বাৰে বাৰে বুজাই দিয়ে। মাকে তাৰ কষ্টবোৰ উপলব্ধি কৰি মনে মনে দোষী যেন অনুভৱ কৰে। কাৰণ এগৰাকী মাতৃ

হিচাপে সন্তানক যিমানখিনি সুবিধা দিব লাগিছিল, সিমানখিনি দিবলৈ যামিনী যে অসমর্থ।

নির্ধাৰিত দিনত প্রীতমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰন্ত হ'ল। প্রীতমক কিন্তু পৰীক্ষাৰ শুভেচ্ছা দিবলৈ অন্য

কোনো ব্যক্তি সিইতৰ ঘৰলৈ নাহিল। তেতিয়া প্রীতমে অনুভর কৰিলে যে ধনী আৰু দুখীয়াৰ ব্যৱধানে সঁচাকৈয়ে

মানুহক স্বার্থপৰ কৰি তুলিছে। এনেকৈয়ে প্রীতমৰ সকলো পৰীক্ষা ভালদৰে পাৰ হৈ গ'ল।

অৱশেষত তাৰ ফলাফল ওলাল। প্রীতমে সমগ্র অসমৰ ভিতৰতে শীর্ষৰ অষ্টম স্থান দখলেৰে জিলাৰ লগতে

বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে। পুত্রৰ সফলতাৰ বাবে আজি যামিনীৰ নিৰলা পঁজাটোত আনন্দৰ সীমা নধৰা হৈছে। বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে ওচৰৰ বহুতো লোকে প্রীতমক অভিনন্দন জনালেহি। বহুতৰ দিহা-পৰামর্শৰ অন্তত প্রীতমে বিজ্ঞান শাখাত নামভতি কৰিলে।

দুটা বছৰৰ পাছত আকৌ সুখ্যাতিৰে উত্তীর্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। তাৰ পাছত ক্রমে ক্রমে বি.এছ.ই আৰু এম.এছ.ই ডিগ্ৰীত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি এম.বি.বি.এছ ডিগ্ৰী সম্পূর্ণৰূপে পৰিসমাপ্তি

কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এজন মেডিচিন বিশেষজ্ঞ হিচাপে স্বীকৃতি লাভ কৰিলে।

অৱশেষত দয়াময় ঈশ্বৰে অভগা যামিনীৰ অ'ত দিনৰ ত্যাগ কষ্টৰ লগতে গিৰিয়েকৰ অন্তিম ইচ্ছা পুৰণ কৰিলে।

সকলোবোৰ গতি লগাৰ পাছত যামিনীৰ মনলৈ এক নতুন চিন্তা আহিল....। পুত্ৰৰ বিবাহৰ বাবে এগৰাকী উপযুক্ত

কন্যা বিচাৰি ওলিওৱা। যামিনীয়ে যাকে লগ পালে তাকে পাচিলে। যিহেতু সকলো মাকেই আশা কৰে বোৱাৰীৰ হাতেৰে এটুপি পানী, এমুঠি ভাত খাবলৈ পাব। যামিনীয়ে অ'ত ত'ত খবৰ কৰি অৱশেষত প্রীতমৰ বাবে এজনী

উপযুক্ত ছোৱালী বিচাৰি উলিয়ালে। মাকৰ একান্ত বাধ্য প্ৰীতমে মাকৰ পচন্দৰ মতে বিবাহ কৰাবলৈ সাজু হয়। দুয়োখন ঘৰৰ মাজত কথা আগবাঢ়িল। আৰু অতি কম দিনৰ ভিতৰতে বিবাহৰ দিন ধার্য কৰিলে।

সকলোবোৰ যামিনীয়ে ভবা ধৰণে হৈ গৈছিল। কিন্তু এষাৰ কথা আছে নহয় বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে।

সৌ সিদিনা প্রীতমে দৰা সাজ পিন্ধিবলৈ লৈছিল হে মাত্র হঠাৎ হস্পিতালৰ পৰা তালৈ এটা অচিনাকী নম্বৰৰ পৰা ফোন কল আহিল-

: হেল্প.. ছাৰ মোৰ মাৰ অৱস্থাতো অলপো ভাল নহয় মোৰ মাক বচাওক ছাৰ। নহ'লে মোৰ মা...!

কথাকেইষাৰ যুৱক জনে কোনো ৰকমে কৈ শুক শুকাই কান্দি উঠিল। যুৱকজনৰ কথা শুনি প্রীতমে নিজৰ কথা

পাহৰি পেলালে তাৰ যে আজি বিয়া। সি মার্থো তাক সান্তনা দিলে -

: তুমি নাকান্দিবা। তোমাৰ মাৰ একো নহয়। মই আছো নহয়। ধৈর্য ধৰা,ভগৱানৰ ওপৰত বিশ্বাস ৰাখা।

বিয়া ঘৰত আলহী অতিথিয়ে অনেক এটা কথা ক'লে-

“বৰ একেবাৰে মানর সেৱা কৰিব আহিছে, ধর্ম ৰাজ দেখুৱাইছে। নিজৰ বিয়াৰ দিনাও কামৰ আহৰি নাই নে আচৰিত...! অনেকে বুবু বা বা কৰিছে।

মাকে তাক শপত দি ও ৰখাব নোৱাৰিলে।

দেউতাকৰ ফটোখনেও মজিয়াত পৰি তাক শুভমুহুর্তত ঘৰৰ পৰা বাহিৰ নহ'বৰ ইংগিত দিছিল। কিন্তু পৰোপকাৰি আনৰ দুখ সহ্য কৰিব নোৱাৰা প্রীতমে সঠিক সময়ত হস্পিতালত উপস্থিত হৈ যুৱক জনৰ মাকৰ জীৱন বচালে।

যুৱক জনে প্রীতমৰ চৰণত আঠু লৈ সেৱা জনালে।

সকলোবোৰ ঠিকেই আছিল হঠাৎ কাণ তাল মাৰি যোৱা শব্দত হস্পিতালৰ চৌহদৰ লগতে ওচৰৰ ঘৰ দুৱাৰ

দোকান পোহাৰ বোৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হ'ল আৰু যাৰ ফলত সকলোবোৰ মুচ্ছা গ'ল। সেই কাণ

তাল মাৰি যোৱা শব্দটো আন একো নহয় এইয়া এটা বোমা বিস্ফোৰণ। সেই বোমা বিস্ফোৰণতেই ক্ষত-বিক্ষত হৈ

গ'ল প্রীতমৰ সর্ব শৰীৰ। মুহুর্ততে প্রাণ বায়ু উৰি গ'ল।

হঠাৎ যেন এই কথা শুনি প্রীতমৰ ঘৰত বিয়াৰ বাবে উদুলি - মুদুলি হৈ থকা পৰিবেশটো কাঁহ পৰি জীণ যোৱাৰ দৰে মৌন হৈ পৰিল। খবৰটো পাই যামিনী আউলী- বাউলী হৈ উধাতু খাই ধপলিয়াই আহিলে সেই নিদিষ্ট স্থানলৈ।

মৰাশবোৰৰ মাজৰ পৰা প্রীতমৰ নিথৰ মৃতদেহটো বিচাৰি উলিয়ালে। পুতেকৰ এনে এক মর্মস্পর্শী শৰীৰটো দেখি

যামিনী কান্দি কাটি অচেতন হৈ মুচ্ছা গ'ল।

দুদিনৰ অন্তত যামিনীৰ চেতনা আহিল। বেৰত আঁৰি থোৱা নিমাত নিথৰ পতি পুত্ৰৰ ফটো দুখনত এবাৰ চকু ফুৰালে আৰু শেষত ক্রোধত অভিমানত নে শোকত দয়াময় ঈশ্বৰৰ ফটোখনলৈ মৌন হৈ মাথো অপ্রাপ্তিৰে

একেথৰে চাই ৰ'ল....।

একেই বিষয়ৰ আৰু লিখনি

গেৰাম
গল্প

গেৰাম

গেৰাম

লিখক আভিৰাজ দত্ত২৫ অক্টোবৰ, ২০২৬২৩